Show/Hide Keyboard Layout

চাহেব যায় আগতে

- জিকিৰ

ঘোষাঃ

ৰহমৰ গিৰিহঁত তুমি আল্লা চাহেব ঐ

যদি কৰা দৰিয়াৰ পাৰ

পদঃ

চাহেব যায় আগতে / হয় চাহেব হয়

চাহেব যায় আগতে / হয় চাহেব হয়

ভকত যায় পাচতে / হয় চাহেব হয়

ভকত যায় পাচতে / হয় চাহেব হয়

হাই হাই ঐ সোণাই নৈৰ পাৰতে ঘৰ ৰহমৰ গিৰিহঁত তুমি আল্লা চাহেব ঐ

যদি কৰা দৰিয়াৰ পাৰ ।

শুকুৰ বাৰৰ বেলিয়া / হয় চাহেব হয়

দুপৰ চাই ডঁড়িয়া / হয় চাহেব হয়

হাই হাই ঐ চাহেব ঢুকাল বুলি ওলাল আল্লা ৰহমৰ গিৰিহঁত তুমি আল্লা চাহেব ঐ

যদি কৰা দৰিয়াৰ পাৰ ।

শুকুৰ বাৰৰ বেলিয়া / হয় চাহেব হয়

দুপৰ চাই ডঁড়িয়া / হয় চাহেব হয়

হাই হাই ঐ চাহেব ঢুকাল বুলি ওলাল আল্লা ৰহমৰ গিৰিহঁত তুমি আল্লা চাহেব ঐ

যদি কৰা দৰিয়াৰ পাৰ ।

ফুলাম বৰে কাপোৰ / হয় চাহেব হয়

গাতে মেলি দিলে / হয় চাহেব হয়

হাই হাই ঐ চাহেব মোৰ বিহিস্তে গ’লে আল্লা ৰহমৰ গিৰিহঁত তুমি আল্লা চাহেব ঐ

যদি কৰা দৰিয়াৰ পাৰ ।

ফুলাম বৰে কাপোৰ / হয় চাহেব হয়

গাতে মেলি দিলে / হয় চাহেব হয়

হাই হাই ঐ চাহেব মোৰ বিহিস্তে গ’লে আল্লা ৰহমৰ গিৰিহঁত তুমি আল্লা চাহেব ঐ

যদি কৰা দৰিয়াৰ পাৰ ।

ৰাইজে ভকতে / হয় চাহেব হয়

গুৰু মোছাফিৰে / হয় চাহেব হয়

হাই হাই ঐ মছিদৰেনো কাষতে থলে আল্লা ৰহমৰ গিৰিহঁত তুমি আল্লা চাহেব ঐ

যদি কৰা দৰিয়াৰ পাৰ ।

ৰাইজে ভকতে / হয় চাহেব হয়

গুৰু মোছাফিৰে / হয় চাহেব হয়

হাই হাই ঐ মছিদৰেনো কাষতে থলে আল্লা ৰহমৰ গিৰিহঁত তুমি আল্লা চাহেব ঐ

যদি কৰা দৰিয়াৰ পাৰ ।

হাজোৰে মোকামত / হয় চাহেব হয়

উৰুমি লাগিছে / হয় চাহেব হয়

হাই হাই ঐ চিগিল কামায়নৰ জৰি আল্লা ৰহমৰ গিৰিহঁত তুমি আল্লা চাহেব ঐ

যদি কৰা দৰিয়াৰ পাৰ ।

হাজোৰে মোকামত / হয় চাহেব হয়

উৰুমি লাগিছে / হয় চাহেব হয়

হাই হাই ঐ চিগিল কামায়নৰ জৰি আল্লা ৰহমৰ গিৰিহঁত তুমি আল্লা চাহেব ঐ

যদি কৰা দৰিয়াৰ পাৰ ।

হিন্দুৱে বিলালে / হয় চাহেব হয়

মাহে পৰসাদে / হয় চাহেব হয়

হাই হাই ঐ মুছলমানে বিলালে ৰুটি আল্লা ৰহমৰ গিৰিহঁত তুমি আল্লা চাহেব ঐ

Hits: 2290